তথাকথিত জাতিয়তাবাদী চামে সনাতন সংস্কৃতিৰ পৰা থলগিৰীক আতৰাই ৰখাৰ চেষ্টা কৰে; তেওঁলোকৰ মনোভাৱ হ'ল যে ৰাম মন্দিৰ আমাৰ বাবে অৰ্থহীন। লেনিন, ষ্টেলিন আদিৰ তেওঁলোকৰ পূজাৰী, সেইবাবেই মানি ল'ব নলয় গুৰুজনাৰ সনাতন দৰ্শন। মহাপুৰুষীয়া দৰ্শনৰ অন্যতম চাৰিখন পুথি হয়টো পঢ়াই নাই। (১)
কিন্ত্ত তেওঁলোকে নামঘৰলৈ গ'লেই শুনিবলৈ পাব ভকত-বৈষ্ণৱৰ মুখত প্ৰকাশিত জয়ধ্বনি - ' অ' হৰি, অ' ৰাম'। প্ৰতিভাগ ঘোষা গোৱাৰ শেষত দোহাৰিবলৈ প্ৰয়োগ হোৱা 'ৰাম' নাম। আমাৰ দৰ্শনত কৃষ্ণ - ৰাম একেজন ব্ৰহ্মৰেই দুইধৰণৰ আদৰ্শবিশিষ্ট মানৱী অৱতাৰ - (২)
তাৰে ভিতৰত কৃষ্ণক আমি পৰমব্ৰহ্মৰ পূৰ্ণাৱতাৰ বুলি মানোঁ‌ বাবেই কৃষ্ণ আমাৰ পৰম আৰাধ্য আৰু তদ্ৰুপ পূজনীয় ৰামো। অন্যথাই জানোঁ‌ আমি ৰামক আমাৰ কাতি বিহুৰ সৈতে জড়িত কৰি - 'তুলসীৰ তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনু-শৰ জোৰে' বোলোঁ‌? ৰাম-বিজয়ৰ নাটকো গুৰুজনায়েই লিখি থৈ যোৱা নাইনে?
বৰ্তমানেও অসমৰ বিভিন্ন ঠাইৰ নাম ইতিহাসে ঢুকি নোপোৱা কালৰে পৰাই 'সীতাজখলা', 'ৰামপুৰ', 'লংকা' আদি হোৱাটোৱে সূচায় কি? (৪)
সকলোবোৰ বাদ দিও যদি আমি চাওঁ‌ - বাবৰ এজন বিদেশী আক্ৰমণকাৰী অন্যহাতেদি ৰাম স্বদেশী বীৰ, মৰ্যাদা সম্পন্ন ব্যক্তি, ভাৰতীয়ৰ আৰাধ্য এক চৰিত্ৰ। গুৰুনানকৰ বাণীৰে বাবৰ 'না হিন্দু কা থা, না মুছলমানো কা থা' (৫)
যিকোনো স্বদেশী মুছলমানে নিজকে বাবৰৰ লগত জড়িত কৰি ৰামৰ জন্মভূমিতেই ৰামৰ মন্দিৰ হোৱাত বাধা প্ৰদান কৰাটো অত্যন্ত দুখজনক আৰু সম্প্ৰীতিৰ বাধক । অসমীয়াত্ব, জাতিয়ত্বক কলংকিত কৰা এচাম ধূৰ্ত ৰ বাহিৰে একো নহয়।(৬)
#সংগ্ৰহ
You can follow @BikashRon.
Tip: mention @twtextapp on a Twitter thread with the keyword “unroll” to get a link to it.

Latest Threads Unrolled:

By continuing to use the site, you are consenting to the use of cookies as explained in our Cookie Policy to improve your experience.